অন্যান্য ব্লগ

মোৰ অন্যান্য ব্লগ সমূহৰ তালিকা-


গুঞ্জন: অনুভৱৰ ছবি

http://www.aakax.blogspot.in

মোৰ বুকুৰ মাজত শব্দৰ গুঞ্জন । জীৱন বিচৰাৰ যাত্ৰাত কেতিয়াবা জোনাক হৈছোঁ, কেতিয়াবা এন্ধাৰ, কেতিয়াবা আকাশ হৈছোঁ যদি কেতিয়াবা বতাহ। আশা-নিৰাশা, পোৱা-নোপোৱা, হৰ্ষ-বিষাদৰ আলি-দোমোজাত মোৰ অনুভৱে কেতিয়াবা কবিতাৰ ৰূপ ল’য় , মোৰ সেই অনুভৱৰে কিছু ছবি, এই গুঞ্জন। গুঞ্জনৰ জৰিয়তে আপোনাৰ স’তে বিনিময় কৰিব খুজিছোঁ মোৰ হিয়াৰ বতৰা ।


সুগন্ধি পখিলা: হৃদয়ৰ ভাষা (প্ৰথম অসমীয়া সমূহীয়া ব্লগ)

http://www.xugondhipokhila.blogspot.in

অসমীয়া ভাষাৰ প্ৰথম সমূহীয়া ব্লগ সুগন্ধি পখিলা : কলা, সাহিত্য আৰু সংস্কৃতিৰ এক উমৈহতীয়া মঞ্চ। আহক, সুগন্ধি পখিলাৰ সতে আৰম্ভ কৰোঁ এক যাত্ৰা – হৃদয়ৰ পৰা হৃদয়লৈ।

’সুগন্ধি পখিলা’ৰ বিষয়ে নজনা সাহিত্যৰসিক অসমীয়া বোধহ’য় অতি নগণ্য । স্বনামধন্য অসমীয়া কবি হীৰেণ ভট্টাচাৰ্য্যৰ কবিতা পুথি ’সুগন্ধি পখিলা’ অসমীয়া কবিতা তথা সহিত্য জগতৰ এক মাইলৰ খুটি । আমাৰ এই সুগন্ধি পখিলাৰ চোতালত আমি অসমীয়া সাহিত্য চৰ্চাৰ এক পৰিবেশ গঢ়ি তোলাৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ ।
আহক সাহিত্যক ভাল পাওঁ ।


অসমীয়া: চিৰ চেনেহী মোৰ ভাষা জননী

http://www.theaxomiya.blogspot.in/

অসমীয়া সাহিত্যৰ কিছু নিৰ্বাচিত লিখনিৰ ৰসাস্বাদন কৰাৰ মানসেৰে অসমীয়াৰ জন্ম । অপোনাৰ মতামত, দিহা-পৰামৰ্শই অসমীয়াক ধন্য কৰি তুলিব । অসমীয়া সাহিত্যৰ বিশালতাৰ তুলনাত আমাৰ প্ৰয়াস তেনেই নিঃকিন, তথাপিও এই যাত্ৰা অবিৰত । আমাৰ প্ৰয়াসে আপোনাক আৰু ইণ্টাৰনেটৰ অসমীয়া ভাষাৰ সমলক কিঞ্চিতো লাভাম্ৱিত কৰিব পাৰিলেই আমাৰ শ্ৰমৰ সাৰ্থকতা ।