কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰৱৰ্ত্তী কাৰ্যপন্থা কি?

সমস্যা আৰু সংগ্ৰাম অসমৰ ইতিহাসৰ এৰাব নোৱাঁৰা অঙ্গ। তথ্যভিত্তিক নহয় যদিও সম্ভৱতঃ দেশৰ ভিতৰতে অধিক সংগঠন অসমতে ওলাব। সংগ্ৰাম যদিও অসমৰ ইতিহাস কিন্তু সফল সংগ্ৰামৰ উদাহৰণ অসমৰ ইতিহাসৰ পাতত এটাও নাই। প্ৰতিটো সংগ্ৰামৰ ইতিহাস ফহিঁয়াই চালে এইটো প্ৰতীয়মান হ’য় যে সংগ্ৰামৰ বিফলতাৰ কাৰণ সমূহো প্ৰায় একেধৰণৰ। অনিৰ্দিষ্ট কাৰ্যপন্থা, অত্যধিক আবেগ প্ৰৱণতা, নেতৃত্বৰ অবিবেচক সিদ্ধান্ত নতুবা বিশ্বাসঘাটকতা – এইকেইটা কাৰকেই অধিক ক্ষেত্ৰত সংগ্ৰামৰ গতি ৰূদ্ধ কৰি তোলে।

অসম প্ৰাকৃতিক আৰু মানৱ সম্পদেৰে অতি চহকী ৰাজ্য। কিন্তু তাৰ বিপৰীতে অন্তহীন সমস্যাৰেও  ভাৰাক্ৰান্ত। প্ৰকৃতিৰ নিয়ম সকলোতে প্ৰযোজ্য হ’য়। যেতিয়াই আপেক্ষিক নিৰ্ভৰশীল কাৰক সমূহৰ মাজত সমতা নোহোৱা হৈ পৰে তেতিয়াই সমস্যাৰ আৰম্ভণি ঘটে। এই সমতাৰ সূত্ৰ পৃথিৱীৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰযোজ্য, সেয়া প্ৰকৃতিয়েই হওঁক বা প্ৰশাসনেই হওঁক। প্ৰশাসনৰ ক্ষেত্ৰতো যেতিয়া উন্নয়ন আৰু ৰাজনৈতিক মুনাফা আদায়ৰ সমতা নোহোৱা হৈ পৰে তেতিয়াই বিপৰ্যয় আৰম্ভ হৈ যায়। অসমৰ অপৰ্যাপ্ত প্ৰাকৃতিক সম্পদৰ বিপৰীতে উন্নয়নৰ যি বিধস্ত্ব আৰু কৰুণ ৰূপ সিয়েই বাৰে বাৰে অসমৰ প্ৰতিটো প্ৰজন্মকে সংগ্ৰামৰ বাবে বাধ্য কৰি তুলিছে। অসমৰ পটভূমিত এক সুপৰিকল্পিত, সুসংগঠিত আৰু সুপৰিচালিত সংগ্ৰামৰ প্ৰয়োজনীয়তা বহুদিনীয়া। ইয়াত সংগ্ৰাম শব্দৰে মাথো উদ্দেশ্য প্ৰণোদিত, শাসন বিৰোধী কাৰ্যকলাপৰ কথা বুজোৱা নাই। সাম্প্ৰতিক প্ৰেক্ষাপটত সংগ্ৰাম বুলিলে ৰজা বিৰোধী শ্লোগান, বন্ধ ঘোষণা, অনশণ আদি যেনেই ভাৱ হবলৈ ধৰিছে। এনে ঘটনাসমূহক সংগ্ৰাম নতুবা বিপ্লৱৰ আখ্যা দিয়াতো সঠিক নহয়। কৰবাত ই কেনেবাকৈ সংগ্ৰামৰ অংশ হ’ব পাৰে কিন্তু উদ্দেশ্যবিহীন নতুবা উদ্দেশ্য প্ৰণোদিত ঘটনাক্ৰমে সংগ্ৰামৰ গতি ৰূদ্ধহে কৰে। সামগ্ৰিক উন্নয়নৰ বাবে এক দীৰ্ঘকালীন কৰ্ম-আচঁনি আৰু পৰ্যায়ক্ৰম অনুযায়ী ৰূপায়নৰ কাৰ্যপন্থা নিৰ্ধাৰণ নকৰাকৈ সংগ্ৰামৰ কল্পনা কৰিব নোৱাৰি। অসমৰ অলেখ সমস্যা সমূহৰ সমাধানৰ বাবে সঠিক কাৰ্যপন্থা আৰু কৰ্মসূচী প্ৰস্তুত কৰিবৰ বাবে বিস্তৃত অধ্যয়ন আৰু আলোচনাৰ প্ৰয়োজন আছে। আবেগেৰে পৰিচালিত সংগ্ৰামৰ কৰুণ পৰিণতি বাৰে বাৰে আমাৰ সন্মুখত উন্মোচিত হৈয়েই আছে, সেয়ে অসমৰ প্ৰেক্ষাপটত এক প্ৰকৃত অৰ্থত সংগ্ৰামৰ প্ৰয়োজন যি নিৰ্দিষ্ট আদৰ্শ আৰু উন্নয়নৰ উদ্দেশ্যৰে পৰিচালিত হওক, আবেগ নতুবা ৰাজনৈতিক প্ৰৰোচনাৰে নহ’য়।

এনে এক সংগ্ৰামৰ বাবে এক নিকা আৰু শক্তিশালী পৰিচালিকা শক্তিৰ প্ৰয়োজন, যাক জনসাধাৰণ তথা চৰকাৰ উভয়েই মানি চলিব পাৰে। সম্পূৰ্ণ গণতান্ত্ৰিক আৰু সৰলীকৃত ধৰণেও সংগ্ৰাম অসম্ভৱ নহয়। এটা জাতিৰ উত্থানৰ বাবে, সৰ্বাঙ্গীন উন্নতিৰ বাবে, সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে ব্যৱহৃত সমগ্ৰ কৰ্মপদ্ধতিকেই সংগ্ৰাম বুলিব পাৰি। এনে এক ভূমিকাত কৃষক মুক্তি সংগ্ৰাম সমিতি অৱৰ্ত্তীৰ্ণ হোৱাৰ সময় আহি পৰিছে। এক সৱল সাংগঠনিক ভেটি আৰু জনসাধাৰণৰ সহযোগ এক সংগঠনৰ প্ৰাণশক্তি স্বৰুপ। এই দুটা প্ৰাণশক্তি প্ৰাপ্ত সংগঠনৰ প্ৰচুৰ সামাজিক দায়িত্ব থাকে, যাক সঠিক ভাৱে পালন নকৰিলে ই জনমত হেৰুওৱাৰ ভয় থাকে যাৰ অবিহনে অস্তিত্বৰ সংকট আহি পৰে। অসম সাহিত্য সভাৰ দৰে ব্যাপক প্ৰভাৱশালী সংগঠনৰ আজিৰ পৰিণতিও সেই সামাজিক দায়িত্ব পালন নকৰাৰে ফল।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শেহতীয়া কাৰ্যকলাপৰ বিশ্লেষণে আমাক ইয়াৰ ভৱিষ্যত কাৰ্যপন্থা সম্বন্ধে এক সঠিক ছবি দাঙি ধৰিব নোৱাঁৰে। অসমৰ প্ৰাকৃতিক আৰু মানৱ সম্পদৰ সঠিক ব্যৱহাৰ আৰু বিকাশৰ বাবে, বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ যি অসমৰ অৰ্থনীতিৰ উত্থানৰ প্ৰধান অন্তৰায়, তাৰ স্থায়ী সমাধানৰ কিবা আঁচনিৰ ৰূপৰেখা আদিৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিবা আঁচনি প্ৰস্তুত কৰিছেনে সেয়াও এক গুৰুত্বপূৰ্ণ বিষয়। এনে অলেখ সমস্যাৰ সমাধানৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আঁচনি প্ৰস্তুত কৰাৰ দায়িত্ব আহি পৰিছে। সমস্যাৰ সমাধানৰ পথ ডাঙি ধৰি সংগ্ৰাম কৰিলে সি সমাধানৰ পথলৈ আগ বাঢ়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা অসমবাসীয়ে সমাধানৰ পথ বিচাৰে। সংগ্ৰাম সমাধানৰ পথ হোৱাটোতহে সাৰ্থকতা, সমস্যাৰ সৃষ্টি কৰাত নহয়।

FacebooktwitterredditpinterestlinkedinmailFacebooktwitterredditpinterestlinkedinmail

Submit a comment