ক্ষুদ্ৰ উদ্যোগ আৰু সম্ভাৱনীয়তা

ক্ষুদ্ৰ উদ্যোগ আৰু সম্ভাৱনীয়তাঃব্যৱসায় এটা আৰম্ভ কৰাৰ আগতে কি কি জানি লোৱা উচিত

এখন দেশৰ অৰ্থনীতিত বৃহত্ উদ্যোগৰ সমান্তৰাল ভাৱে ক্ষুদ্ৰ উদ্যোগৰো এক অতি গুৰুত্বপূৰ্ণ ভূমিকা থাকে। দেশৰ সামগ্ৰিক উন্নতিৰ ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগৰ অৱদান অনস্বীকাৰ্য। ভাৰতীয় অৰ্থনীতিৰ মুঠ অৰ্থনৈতিক অৱদানৰ প্ৰায় ৪০ শতাংশ ক্ষুদ্ৰ উদ্যোগৰ পৰা আহে। ক্ষুদ্ৰ উদ্যোগৰ স্থায়ী সম্পত্তিত নিৱেশ কৰা প্ৰতি দহ লাখ টকাৰ বিপৰীতে প্ৰায় একচল্লিশ লাখ টকা মূল্যৰ উত্পাদন সামগ্ৰী বা সেৱাৰ সৃষ্টি হয়।
বিগত সময়ছোৱাত ক্ষুদ্ৰ উদ্যোগৰ দ্ৰুত বিকাশ মন কৰিবলগীয়া। ১৯৮০-৮১ ৰ পৰা ২০০০ চনৰ সময়ছোৱাত ক্ষুদ্ৰ উদ্যোগৰ সংখ্যা প্ৰায় ৮.৭০ লাখটা ক্ষুদ্ৰ উদ্যোগৰ পৰা প্ৰায় ৩০ লাখটালৈ বৃদ্ধি পাইছে। চৰকাৰী মনোযোগিতা আৰু জনসাধাৰণৰ সজাগতাৰ বৃদ্ধিও এই বিকাশৰ এক অন্যতম কাৰক ।
নিয়োগৰ ক্ষেত্ৰতো ক্ষুদ্ৰ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিছে। এক সমীক্ষা মতে ক্ষুদ্ৰ উদ্যোগত বিনিয়োগ হোৱা প্ৰতি একলাখ টকাৰ বিপৰীতে প্ৰায় চাৰিজন মানুহে নিয়োগৰ সুবিধা লাভ কৰে।

সম্ভাৱনীয়তা সমূহ

ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখনত থকা সম্ভাৱনীয়তাৰ বিভিন্ন কাৰক যেনে-

  • কম মূলধনৰ প্ৰয়োজনীয়তা।
  • চৰকাৰী উদ্গনি আৰু সাহাৰ্য।
  • ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখনৰ বাবে থকা সামগ্ৰী আন ক্ষেত্ৰত উত্পাদনৰ বাবে থকা বাধা।
  • ঋণ আৰু ৰেহাইৰ সুবিধা।
  • ৰপ্তানিৰ সুবিধা।
  • থলুৱা বজাৰৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ সুযোগ আদিয়ে নতুন প্ৰজন্মক ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিগত দশকত ক্ষুদ্ৰ উদ্যোগৰ লগতে অতি ক্ষুদ্ৰ উদ্যোগৰ বিকাশ আৰু অগ্ৰগতিয়ে নতুন প্ৰজন্মৰমাজত উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি আকৃষ্ট কৰাটো পৰিলক্ষিত হৈছে। যিটো দেশৰ অৰ্থনীতি তথা সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে এক আশাব্যঞ্জক ঘটনা।

ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগসমূহত কম মূলধনৰ বিনিয়োগৰ বিপৰীতে অধিক নিয়োগ লাভৰ সুবিধা থাকে। এনে উদ্যোগ স্থাপনৰ জৰিয়তে নিজে সংস্থাপিত হোৱাৰ ওপৰিও আন বহুকেইজনৰ বাবে নিয়োগৰ সুবিধা সৃষ্টি কৰব পৰা যায়।

কৃষি আৰু খাদ্যজাত সামগ্ৰী ভিত্তিক ক্ষুদ্ৰ উদ্যোগ

ভাৰতৰ সৰহভাগ গাওঁৰ জনসংখ্যা কৃষিৰ ওপৰত নিৰ্ভৰশীল বাবে ভাৰত এখন কৃষিপ্ৰধান দেশ হিচাপে জনা যায়। ভাৰতীয় অৰ্থনীতিৰ ৰাজহাঁড় গঠন কৰিছে কৃষিয়েই। ভাৰতৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কৃষিৰ অৰিহনা সৰ্বাধিক।
কৃষি ভিত্তিক ক্ষুদ্ৰ উদ্যোগৰ ভিতৰত ঘাইকৈ কৃষি আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন উদ্যোগৰ সম্ভাৱনীয়তা অতি উল্লেখযোগ্য।
মানুহৰ প্ৰাথমিক প্ৰয়োজনীয় উপাদান অৰ্থাত্ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ ওপৰত নিৰ্ভৰশীল উদ্যোগৰ সফলতা আৰু দীৰ্ঘজীৱিতাৰ সম্ভাৱনা তুলনামুলক ভাৱে আনুসঙ্গিক উদ্যোগৰ তুলনাত অধিক। খাদ্যজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল ক্ষুদ্ৰ উদ্যোগে সৰ্বাধিক নিয়োগৰ সুবিধা সৃষ্টি কৰি আহিছে। এই পৰিমান ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে সৃষ্টি হোৱা মুঠ নিয়োগৰ প্ৰায় ১৩.১ শতাংশ ।

হস্ততাঁত ভিত্তিক ক্ষুদ্ৰ উদ্যোগ

কৃষিৰ পিছতে সৰ্বাধিক লোক জড়িত হৈ থকা ক্ষেত্ৰখন হৈছে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰখন। ভাৰতৰ গ্ৰাম্য অৰ্থনীতি মূলত কৃষি আৰু তাৰ পিছতে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ওপৰত নিৰ্ভৰশীল। আন্তঃৰাষ্ট্ৰীয় বজাৰত হস্ততাঁতজাতীয় সামগ্ৰীৰ বিপুল সমাদৰে এই ক্ষেত্ৰখনলৈ এক উজ্জীৱিতা কঢ়িয়াই অনাৰ সম্ভাৱনা আছে।
ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখন প্ৰচুৰ সম্ভাৱনাময় আৰু ইয়াৰ ব্যাপ্তি সৰ্বাধিক। ওপৰত উল্লেখ কৰা ক্ষেত্ৰসমূহৰ ওপৰিও ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিব পৰা বিভিন্ন ক্ষেত্ৰবোৰ হৈছে-

  • বাঁহ, বেত আৰু কাঠ ভিত্তিক,
  • খনিজাত সামগ্ৰী ভিত্তিক,
  • ধাতুজাত সামগ্ৰী ভিত্তিক,
  • ৰসায়ন আৰু ৰাসায়নিক সামগ্ৰী ভিত্তিক,
  • বিদ্যুত জাত সামগ্ৰী ভিত্তিক,
  • কাগজজাত সামগ্ৰী আৰু ছপাকাম ভিত্তিক,
  • কাপোৰ আৰু সাজ-পোছাকৰ সামগ্ৰী ভিত্তিক,
  • মেৰামতি,
  • ৰবৰ আৰু প্লাষ্টিকৰ সামগ্ৰী ভিত্তিক আৰু ক্ষুদ্ৰ উদ্যোগ আদি।

উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগতে কি জানি লোৱা উচিতঃ

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এটা ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে

  • সুপৰিকল্পিত এখন আঁচনি,
  • মূলধনৰ প্ৰয়োজনীয়তা,
  • উত্পাদিত সামগ্ৰীৰ বজাৰ,
  • কেচাঁমালৰ উপলব্ধতা আদিৰ বিষয়ে বিতংকৈ জানি লোৱা দৰকাৰ।

তাৰোপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিক ভাৱে জানি লোৱা উচিত।
ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনায় দিশ। সময়ৰ লগে লগে ব্যৱসায়ত নতুন নতুন দিশ যোগ কৰি যাব লাগে। অন্যথা বজাৰৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱনে বহু উদ্যোগ তথা ব্যৱসায়ক প্ৰতিযোগিতাৰ মাজত বৰ্ত্তি থাকিবলৈ নিদিয়ে।

FacebooktwitterredditpinterestlinkedinmailFacebooktwitterredditpinterestlinkedinmail

Submit a comment