সেই শিলিখা গছজোপা

তেতিয়া ম‍ই সম্ভৱতঃ তৃতীয় বা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। বন বিভাগৰ সামাজিক বনানিকৰণ আঁচনিৰ অধীনত তেতিয়া প্ৰায়েই বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰা হৈছিল। আমাৰ বিদ্যালয়তো এই আঁচনিৰ অধীনত বৃক্ষৰোপণৰ কাম মাজে-মধ্যে চলি থাকিছিল । বিদ্যালয়ৰ বৃহত্‍ চৌহদটোৰ চাৰিসীমা আৰু পিছফালৰ মুকলি অংশত আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গছ পুলি ৰোৱাৰ এক অলিখিত প্ৰতিযোগিতা আৰম্ভ হৈ গৈছিল! মোৰ মনত পৰে, এবাৰ এটা শিলিখা পুলি মোৰ হাতত পৰিছিল, আৰু ম‍ই সেই পুলিটো ৰুইছিলো মূল প্ৰৱেশদ্বাৰৰপৰা সোমায়েই সোঁফালে থকা ঠাইখিনিত। লাহে লাহে সময় বাগৰিছিল, আমিও বিদ্যালয়ৰ ওপৰ শ্ৰেণী পাইছিলোগৈ। এদিন লক্ষ্য কৰিলোঁ, সেই তাহানিতে ম‍ই ৰোৱা সেই শিলিখাজোপাত ডাল ভৰি শিলিখা লাগি আছে। মনটো ভাল লাগি গ’ল। কিবা এটা প্ৰাপ্তিৰ অনুভৱে মনটো ভৰাই তুলিলে। শৈশৱতে ৰোৱা সেই কণমানি পুলিটো আজি পুলি-পোখা মেলি এজোপা পূৰ্ণাংগ গছলৈ পৰিণত হৈছে। গছজোপাৰ তলত গৈ থিয় দি তলসৰা শিলিখা এটা বিচাৰি চাই মুখত দিলোঁ। শিলিখাৰ কেঁহা সোৱাদটো‍ও বৰ মিঠা মিঠা যেন অনুভৱ হ’ল।

দিনবোৰ বাগৰিল, শৈক্ষিক চাৰিসীমাৰপৰা পাৰ হৈ এদিন জীৱিকাৰ তাড়নাত কণমানি চহৰখন এৰি আঁতৰি আহিলোঁ, অহা-যোৱাবোৰ সীমিত হৈ পৰিবলৈ ধৰিলে। বহুদিনৰ বিৰতিৰ মূৰত এদিন বিদ্যালয়ৰ চৌহদত ভৰি থলোঁ, বহু সলনি হ’ল, আগৰ সেই আপোন যেন লগা বিদ্যালয়ৰ চৌহদটো বহু মুকলি হ’ল, আশে পাশে দোকান-পোহাৰৰ সংখ্যা বাঢ়িল, দোকান পোহাৰৰ ৰং-ৰূপ সলনি হ’ল। দুচকুৱে বাৰে বাৰে সেই শিলিখাজোপা বিচাৰি ফুৰিছিল, নাই, সেই ঠাইখিনি য’ত শিলিখাৰ পুলিটো ৰুইছিলো, য’ত থিয় হৈ শিলিখাৰ সোৱাদ লৈছিলো, সেই ঠাইডোখৰ তেনেই মুকলি হৈ আছে, ঘাঁহ-বনবোৰো চিকুনাই নিমজ কৰি থোৱা আছে। কিছুসময়ৰ বাবে মানস চকুত ভাঁহি উঠিল শিলিখাজোপাৰ ছবি, স্বপ্নাৱিষ্টৰ দৰে থিয় দি থাকিলোঁ কিছুপৰ! চকুৰ সমুখেৰে পাৰ হৈ গ’ল সেই গছ পুলি ৰোৱাৰেপৰা সেই শিলিখা লগাৰ মুহূৰ্তলৈ মোৰ স্মৃতি বিজড়িত প্ৰতিটো ছবি। শিলিখাজোপা নেদেখি মনটো সেমেকি উঠিল। এক বুজাব নোৱাৰা বেদনাই বুকুখন হেঁচা মাৰি ধৰিলে। শৈশৱ হেৰাই গ’ল, শৈশৱৰ স্মৃতি বিজড়িত বহু মুহূৰ্তও হেৰাই গ’ল, সেই শিলিখাজোপাও হেৰাই গ’ল ক’ৰবাত আৰু তাৰ লগে লগে যেন লৈ গ’ল কিছু বুজাব নোৱাৰা অনুভৱ, আৰু বহুপৰ বুকুখন ভাৰাক্ৰান্ত হৈ থাকিল। আজিও মাজে মাজে মনত পৰে আৰু শিলিখাজোপা যেন জীৱন্ত হৈ আকৌ মোৰ ওচৰত ধৰা দিয়েহি মোৰ শৈশৱ হৈ।

সাহিত্য ডট অৰ্গত প্ৰকাশিত

FacebooktwitterredditpinterestlinkedinmailFacebooktwitterredditpinterestlinkedinmail

Submit a comment