এইখনি গাঁও নিচেই আপোন

প্ৰসঙ্গ-একঃ

ধেমাজি জিলাৰ গোগামুখৰ এখন ভিতৰুৱা ঠাই নাহৰবাৰী। চহৰৰ ব্যস্ততা আৰু কৃত্ৰিমতাই ঢুকি নোপোৱা এখন ঠাই। সহজ-সৰল জনজাতীয়লোকৰ বসতিপূৰ্ণ ঠাইখনৰ কিছুদিনৰ আগলৈ একো বিশেষত্ব নাছিল। আন দহখন জনজাতীয় গাঁওৰ দৰেই একেই এখন গাঁও। কিন্তু সহজ সৰল মানুহখিনিৰ মনত এটা অভিলাষী চিন্তাই বাহ ললে। ব্যতিক্ৰমী চিন্তা-ধাৰাৰে সমাজৰ হিতৰ বাবে কাম কৰি যোৱাৰ চিন্তাৰে গোগামুখৰ এক উদ্যমী যুৱক কেশৱ কৃষ্ণ ছত্ৰধৰাৰ উদ্যোগত এটা বেচৰকাৰী সংস্থাই এই অঞ্চলৰ মানুহখিনিৰ মাজত এক সজাগতাৰ সৃষ্টি কৰিলে। প্লাষ্টিক ব্যৱহাৰৰ ভয়াবহতাৰ কথা মানুহখিনিৰ সন্মুখত ডাঙি ধৰিলে কেশৱহঁতে। সহজ-সৰল মানুহখিনিৰ বাবে এয়া আছিল এক নতুন পণ। সমগ্ৰ অঞ্চলটোৰ মানুহবোৰে মিলি নাহৰবাৰী গাঁও পঞ্চায়তক অতি কম সময়ৰ ভিতৰতে গঢ়ি তোলিলে প্লাষ্টিকমুক্ত অঞ্চলৰূপে। চৰকাৰী সহায়-সহযোগ অবিহনেই একান্ত সামাজিক দায়িত্বশীলতাৰে সফল হৈ উঠিল এটা অসম্ভৱ যেন লগা এটা কাম।

প্ৰসঙ্গ-দুইঃ

যোৰহাট চহৰৰ গাতে লাগি থকা এটা অঞ্চল কাকতি গাঁও। সম্পূৰ্ণ নৈসৰ্গিকতাৰ মাজত একক প্ৰচেষ্টাৰে গঢ লৈ উঠিছে এক অনুষ্ঠান ‘নৈ’। অসমীয়া সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন বাদ্য আৰু নৃত্যৰ প্ৰশিক্ষণৰ লগতে বাদ্য নিমাৰ্ণ কলাৰ প্ৰশিক্ষণ দিয়াৰ বাবে ব্যতিক্ৰমী ভাৱে কাম কৰি আছে শিল্পীকা বৰদলৈয়ে। অসম তথা উত্তৰ পূবৰ শিল্পৰ উৎকৰ্ষ সাধনৰ বাবে অতি নীৰৱে কাম কৰি আহিছে শিল্পীকাই। এক অনন্য প্ৰাকৃতিক পৰিবেশৰ মাজত শিল্প সাধনাৰ জৰিয়তে নতুন চাম যুৱক-যুৱতীক অসমৰ ঐতিহ্যময় সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে চিনাকি কৰাই দিছে শিল্পীকাই। আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পীকাই নিজৰ ব্যক্তিগত চিনাকিৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পী কলা-কুশলীক নিমন্ত্ৰণ কৰি আনে ‘নৈ’লৈ আৰু আগ্ৰহী সকলক নিজৰ থলুৱা সংস্কৃতিৰ লগতে চিনাকি কৰি দিয়ে বিশ্বৰ ভিন্ন প্ৰান্তৰৰ সাংস্কৃতিক ক্ষেত্ৰখনকো।

প্ৰসঙ্গ-তিনিঃ

ধেমাজি জিলাৰ এজন শিক্ষিত যুৱক  শৰৎ কুমাৰ গগৈ। চৰকাৰী চাকৰি কৰাৰ বাসনা এৰি চহৰৰ পৰা দুৰত সোৱণশিৰি নদীৰ পাশ্বৱৰ্তী  এক এলেকাত দিন ৰাতি এক কৰি অলপ অলপকৈ গঢ়ি তুলিছে এখন কৃষি উদ্যান। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু সোৱণশিৰিৰ জুৰ বতাহে চুই যোৱা এই কৃষি উদ্যানত থলুৱা ভিন্ন প্ৰজাতিৰ ফল-মূল শাক-পাচলি ঔষধি আৰু ফুলৰ সংগ্ৰহত অহৰহ ব্ৰতী হৈ আছে শৰৎ।

ভিন্ন প্ৰেক্ষাপটৰ এই তিনিটা প্ৰসঙ্গক আমি শেষৰফালে আলোচনা কৰিম। অসম ঐতিহ্যমণ্ডিত মঠ-মন্দিৰ দৌল-দেৱালয় বুৰঞ্জীৰ উপাদান আৰু অপৰূপ প্ৰাকৃতিক সৌন্দযৰ্ৰ মেটমৰা সম্ভাৰেৰে যিদৰে চহকী ঠিক অনুৰূপ ধৰণেৰে সহজ-সৰল গ্ৰাম্য-জীৱন নানানটা জাতি  জনগোষ্ঠীৰ বহুৰঙী সংস্কৃতি পৰম্পৰাগত সাজ-পাৰ খাদ্যাভাষ আদি অনেক উপাদানেৰে তাতোকৈ অধিক চহকী। আধুনিক পৃথিৱীৰ যান্ত্ৰিক নগৰ কেন্দ্ৰিক সভ্যতাই মানুহৰ সৌন্দৰ্যপিপাসু মনক প্ৰকৃতিৰ মনোৰম অনন্ত সৌন্দৰ্য সুষমা পান কৰাৰ বাবে অধিক আগ্ৰহী কৰি তুলিছে। সেয়ে মানুহে সুবিধা পালেই কিছু সময়ৰ বাবে হেৰাই যাব বিচাৰে নিৰ্ভেজাল প্ৰকৃতিৰ মাজত, হেৰাই যাব বিচাৰে গ্ৰাম্য সৰলতাৰ মাজত। মানুহে বিচাৰি চাব খোজে প্ৰকৃতিৰ কোলাত লালিত পালিত অনাঘ্ৰাত সৌন্দৰ্যক।

প্ৰকৃতি প্ৰদত্ত সমলেৰে ভৰপূৰ অসম আন্তৰাষ্ট্ৰীয় পযৰ্টনৰ বাবে এক প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰ। অসমৰ পৰমপৰাগত স্বকীয় বৈশিষ্টসমূহ অটুট ৰাখি পযৰ্টনৰ বিকাশৰ বাবে এক আনতৰিক প্ৰয়াসে অসমক আন্তৰাষ্ট্ৰীয় পযৰ্টন মানচিত্ৰত এক উচ্চ স্থানলৈ লৈ যাব পাৰিব। পযৰ্টনক কেন্দ্ৰ কৰি গঢ়ি উঠিব পৰা বিকাশে অসমৰ গ্ৰাম্য অথৰ্নীতিক এক নতুন আকাৰ দিব পাৰিব। পযৰ্টনক এক উদ্যোগ হিচাপে গঢ়ি তুলিবৰ বাবে অসমৰ সম্ভাৱনীয়তাক এতিয়াও আমি সঠিক ৰূপত বিশ্বৰ সমুখত ডাঙি ধৰিব পৰা নাই। পযৰ্টনৰ ক্ষেত্ৰখনত অসমৰ পৰিধি ইমানেই ব্যাপক যে পৰিকল্পিত ভাৱে আগবাঢ়িলে কৃষি সংস্কৃতি ক্ষুদ্ৰ উদ্যোগ প্ৰতিটো ক্ষেত্ৰই সুকীয়া সুকীয়াকৈ তথা সংযুক্তভাৱেও প্ৰচুৰ সম্ভাৱনা বহন কৰিছে।

এইবাৰ আহোঁ প্ৰথমেই উল্লেখ কৰা  কেশৱ কৃষ্ণ, শিল্পীকা বৰদলৈ, আৰু শৰতৰ প্ৰসঙ্গলৈ। আপাততঃ ভিন্ন কিন্তু এনেধৰণৰ সৰু বৰ প্ৰতিটো উপাদানেই গ্ৰাম্য পযৰ্টনৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰে। একেদৰেই কাজিৰঙাৰ মাজ মজিয়াত অৱস্থিত অৰ্কিড উদ্যানখন এক সফল সাংস্কৃতিক পাৰম্পৰিক আৰু প্ৰকৃতি নিভৰ্ৰ গ্ৰাম্য পযৰ্টনৰ উদাহৰণ। যোৰহাটত শিল্পীকা বৰদলৈৰ যি প্ৰচেষ্টা ই সাংস্কৃতিক বিনিময়ৰ এক মঞ্চ হৈ উঠাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পযৰ্টকক আকষৰ্ণ কৰিব পৰা এক সফল গ্ৰাম্য পযৰ্টনৰ কেন্দ্ৰ হৈ উঠিব পাৰে। জনজাতীয় জীৱন-ধাৰা আৰু সামাজিক চেতনাৰে পৰিচালিত কেশৱ কৃষ্ণৰ দৰে ঐকান্তিক প্ৰচেষ্টাবোৰক সহজেই পৰম্পৰা প্ৰকৃতি আৰু সাংস্কৃতিক সমন্বয়ৰ এক সফল গ্ৰাম্য পযৰ্টনৰ থলীলৈ ৰূপান্তৰিত কৰাৰ থল আছে। শৰৎ কুমাৰ গগৈৰ যি প্ৰয়াস ই সহজেই অসমৰ পৰম্পৰাগত খাদ্য প্ৰাকৃতিক সৌন্দৰ্য আৰু থলুৱা ঔষধিৰ সমাহাৰেৰে এক পযৰ্টকৰ আকষৰ্ণৰ কাৰণ হৈ উঠিব পাৰে।
Follow my blog with Bloglovin

FacebooktwitterredditpinterestlinkedinmailFacebooktwitterredditpinterestlinkedinmail

Submit a comment